29/06/2016
তিনিঘণ্টা জুৰি মোৰ মৃতদেহটো ওলমি আছে মোৰ কোঠাৰ চিলিং ফেনত ।
পুৱা সাত বাজি গল । মা দেউতা উঠি চাহ খালে। হয় মই সকলো দেখি আছোঁ । মা দুৱাৰৰ কাষলৈ আহি লকটো ঘূৰাই চাইছে। ভিতৰৰ পৰা বন্ধ দেখি আঁতৰি গৈছে। ভাবিছে , ৰাতিৰ খঙ কমাই নাই চাগৈ, দেৰিলৈকে শুই আছে । মা বাথৰূমৰ পৰা ওলাই আহি আকৌ দুৱাৰৰ লকটো ঘূৰালে। মুখেৰে ভোৰভোৰালে , ইমান দেৰিলৈকে শুই থাকিব লাগেনে !! ডাইনিং টেবুলৰ চকী খনত বহি দেউতাই পেপাৰ পঢ়ি আছে । মা গৈ ওচৰতে বহি দেউতাক বকিবলৈ ধৰিছে। আপুনিনো কালি কিয় বৰুৱাৰ লৰাটোৰ ইমান গুণ গাব লাগে ? সকলোৰে লৰাই A গ্ৰেড পাইছে নে কিবা ! আমাৰ ই নাপালে নাই, সেইবুলি তাক এনেকৈ কব নালাগে নহয় । দেউতাই মাক বহুত খং কৰিব বুলি ভাবিছিলোঁ , পিছে নাই , দেউতাই লাহে লাহে কলে -- হব দিয়া , কিবা এটা পঢ়িলেই হল। আজিকালি ডাক্টৰ- Engg, পঢ়িলেও চাকৰি নাই দেখোন। ডিগ্ৰী এটা ললে কিবা এটা কৰি খাব পাৰিব। হব দিয়া , মই চিন্তা কৰা নাই সেইবোৰ। দেউতাৰ কথা শুনি মই আচৰিত হলো। দেউতাচোন মই ভবা ধৰণৰ নহয় দেখোন । ইমান ভাল মোৰ দেউতা। A plus নাপাই গোটেই ৰাতি ভাত পানী নোখোৱাকৈ মই এনেয়ে কান্দি কান্দি চকু ফুলালোঁ । আচলতে কোনেও কখাটো ইমান চিৰিয়াচলি লোৱাই নাই । মোৰ দুখ লাগিল। কি ভুল কৰিলোঁ মই ! ভণ্টি কলেজলৈ বুলি ৰেডি হৈছে । তাই মাজতে এবাৰ কৈ গল , আমাৰ মহাৰাজ উঠাই নাই নেকি ? মাক আৰু কৈছে -- দাদাক কবি , ১২বজাত মোক লৈ আহিব কলেজৰ পৰা, কাকতিহতৰ ডাঙৰটোৱে মোক সদায় দিগদাৰ কৰি থাকে , এসেকা দিব লাগিব আজি তাক।" তাইৰ কথা শুনি মই উত্তেজিত হৈ উঠিলো হাতখনেৰে ডিঙিৰ ৰছী ডাল খুলিব খুজিলো । পিছে নিঠৰ হাতখন মই লৰচৰেই কৰিব নোৱাৰিলো । মই বুজিলো , কিমান ভুল হৈ গল মোৰ , তাই কাৰ লগত কাজিয়া কৰিব, কাৰ লগত বজাৰলৈ যাব , কোনে তাইক বান্ধৱীৰ ঘৰত থৈ আহিব ? নতুনকৈ কলেজলৈ যোৱা ভণ্টি গেটখন খুলি ৰাস্তাত উঠিল। মই দেখি আছোঁ । তাইক কোনোবাই কিবা কৰিলেও মই এতিয়া একো কব নোৱাৰো । এই মূহূৰ্তত বন্ধু আকাশ বিৰাজহতে কি plan কৰি আছে , তাকো মই জানিব পাৰিলোঁ ।গোটেই কেইজন আহিব একেলগে । মোক Kfc লৈ নি surprise দিব । মোৰ মনটো ভাল লগাবৰ বাবে সিহঁতে ISL ৰ টিকটৰ বাবেও চেষ্টা কৰি আছে। মই আচৰিত হলো , মানুহবোৰ ইমান ভাল । ইমান ধুনীয়া এই পৃথিৱীখন । আৰুতো ঘূৰাই নাপাওঁ এই জীৱনটো ! মই আগতে কিয় নুবুজিলো !!
মা আকৌ দুৱাৰৰ ওচৰলৈ আহিল। সৰু সৰু কৈ কলে -' বাবা উঠ । দুৱাৰখন খুলি দে । তোক আৰু কোনোদিন খং নকৰোঁ । ৮বাজি গল । উঠি আহ সোনটো। মুখ হাত ধো । তই ভালপোৱা লুচি আৰু আলুভাজি বনাইছোঁ। আহ বাবা আহ । " মই বাছি থকা হলে ইমান পৰে মাৰ ডিঙিত ধৰি কান্দি থাকিলোহেঁতেন। এতিয়া পিছে কান্দিবও নোৱাৰো। দুৱাৰ নোখোলা বাবে দেউতাৰো চিন্তা হবলৈ ধৰিলে । দুৱাৰখন অলপ জোৰেৰে হেঁচি দিলে।কেইদিনমান আগতে laptop এটা লাগে বুলি কওঁতে দেউতাই A plus পালেহে লেপটপ পাবি বুলি কোৱা দেউতাই দেখোন দুদিন আগতেই লাপটোপটো কিনি আলমাৰিত থৈ দিছিল । তাৰমানে মই A plus নাপালেও কথা নাছিল । কথাটো মই আগতে নাজানিলোঁ কিয় ? সেইয়া দেউতাই লাপটোপটো টেবুলত থৈ মোক বাৰে বাৰে দুৱাৰ খন খুলিবলৈ কৈ আছে । " দৰ্জা খন নোখোল কিয় ? কি হৈছে তোৰ ? মই বস্তু এটা আনি থৈছোঁ তোৰ বাবে । " দেউতাই তেনেকৈ কোৱা দেখি মায়ো যোগ দিলে "বাবা , দৰ্জাখন খুলি দে , দেউতাৰে তোৰ বাবে কি আনিছে চাচোন। বাবাঅ ... , অ বাবা ... " । সেয়া দেউতাহত বেছিকৈ অধৈৰ্য হৈ পৰিছে ক্ৰমান্নয়ে । । দুয়ো ভয়তে কঁপিবলৈ আৰম্ভ কৰিছে । মা কান্দি কান্দি বিচনাত পৰিছেগৈ । দেউতাই ধৈৰ্য হেৰুৱাই পেলাইছে। জোৰে জোৰে দুৱাৰখনত ঢকিয়াইছে। মই কবলৈ চেষ্টা কৰিছোঁ -- নূখুলিবা দুৱাৰখন। কোনোদিনে এই দুৱাৰখন খুলিবলৈ চেষ্টা নকৰিবা...... মোৰ মা মোৰ দেউতা , ভণ্টি মই এয়া কি কৰি পেলালোঁ , মই তোমালোকৰ কথা কিয় এবাৰো নাভাবিলোঁ .. আঁতৰি যোৱা দুৱাৰখনৰ কাষৰ পৰা , নুখুলিবা এই দুৱাৰখন কোনোদিনে ...
( এটা বেঙ্গলী গল্পৰ ভাবনুবাদ )
copied