12/01/2023
পবিত্ৰ কোৰ-আনত মহান আল্লাহ তা'য়ালাই ফৰমাইছে কুনতুম খাইৰা ওম্মাতিন ওখৰিজাত লিন্নাছ। "তোমালোকক আবির্ভাৱ কৰা হৈছে মানৱ জাতিৰ কল্যাণৰ বাবে”। পৃথিৱীত যিমান মহামানৱৰ জন্ম হৈছিল সকলোৰে এটাই উদ্দেশ্য আছিল মানৱ সেৱা কৰা।
জনসেৱাৰ অৰ্থ হ'ল কোনো পুৰস্কাৰ অথবা পাৰিশ্ৰমিক অবিহনে স্বতঃস্ফূর্ত ভাবে আল্লাহৰ সৃষ্টিৰ সেৱা কৰা । অৰ্থাৎ মানৱক সেৱা কৰিলেহে স্বৰ্গৰ আশা কৰিব পাৰি। বিশ্বৰ এজন মানৱতাবাদী শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱে তেখেতৰ এটি গানৰ পংক্তিত কৈছিল "মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে অকনি সহানুভূতিৰে ভাৱিব কোনেনো কোৱা অ সমনীয়া" মানুহে মানুহৰ বাবে। উক্ত কথাবোৰ সাৰোগত কৰি জীৱৰ স্নেহ বুজি পোৱা ভাৰতৰ শিক্ষিত ৰাজ্য কেৰালাৰ একাংশ মানৱপ্ৰেমী সকলৰ প্ৰচেষ্টাত ২০১৭ চনত এই সংগঠনটি গঢ়ি উঠিছিল। আৰু তাৰ নাম ৰাখিছিল FOCUS INDIA যাৰ অৰ্থ হ'ল Fratarnity Obidence Comitment Unity Service তেওঁলোকৰ মুখ্য উদ্দেশ্য হৈছে ভাৰতৰ শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নতিৰ বাবে দেশৰ গতিশীল যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে ভাৰতবৰ্ষখনক সমৃদ্ধি কৰা। এই উদ্দেশ্যসমূহ আগত ৰাখি বিগত দিনৰ পৰা এওঁলোকে নিজৰ লক্ষ্যস্থানত উপনীত হ'বলৈ দিনে নিশাই এক অবিৰত যুদ্ধ অব্যাহত ৰাখিছে। ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাবোৰ প্ৰায়ে বিলুপ্ত হোৱা দেখা যায়। তেওঁলোকৰ প্ৰচুৰ প্ৰতিভা আৰু শক্তিক বেছিভাগ সময়তে হেৰুৱাই পেলোৱা হয়। FOCUS-এ তেওঁলোকক কৰ্মশালা, বক্তৃতা, শিবিৰ আৰু অন্যান্য বিভিন্ন কাৰ্য্যকলাপৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্বৰ বিষয়ে সচেতনতাৰ উদ্যোগ লয়; এইদৰে তেওঁলোকে জীৱনৰ উদ্দেশ্যৰ প্ৰতি নতুন দৃষ্টিভংগীৰে সমাজৰ কল্যাণৰ বাবে নিজৰ সৃষ্টিশীলতাক যাতে চিনি পোৱাত সহায়ক হয় তাৰ প্ৰতিও মনোযোগ দিয়ে। কেৰালাৰ কালিকূটৰ পৰা এই কাম-কাজবোৰ অসম তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ নিঃস্বাৰ্থ ভলেণ্টিয়াৰৰ সহযোগত পৰিচালনা কৰে। কেৰালিয়ান সকলৰ আন এক লক্ষ্য হৈছে কেৰালাৰ শৈক্ষিক, সামাজিক আৰু আৰ্থিক স্বাৱলম্বীতাবোৰ দেশৰ অন্যান্য প্ৰান্তলৈ বিয়পাই দিয়া, বিশেষকৈ ভাৰতৰ অতি পিছপৰা উত্তৰ-পূব অঞ্চললৈ, খাদ্য, কাপোৰ আৰু শিক্ষাৰ ব্যৱস্থা আদিকে কৰি আৰু তেওঁলোকৰ মৌলিক প্ৰয়োজন পূৰণ কৰা। যাৰ বাবে প্ৰথমে ভাৰতৰ চাৰিখন ৰাজ্য অসম, বিহাৰ, পশ্চিমবংগ আৰু ঝাৰখণ্ডক প্ৰাথমিকভাবে মনোনিবেশ কৰে। এই প্ৰকল্পটো সম্পাদনৰ বাবে প্ৰথমাৱস্থাত