DoraKoina

DoraKoina Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DoraKoina, Internet Company, Silpukhuri, Guwahati.

দৰা লাগে নে কইনা ?www.dorakoina.comHelpline: 70024-24927 আপোনাৰ মাজু ছোৱালীজনীক এঘৰলৈ উলিয়াই দিব লাগে৷ ছোৱালীজনীৰ মাকৰ ল...
23/03/2024

দৰা লাগে নে কইনা ?
www.dorakoina.com
Helpline: 70024-24927

আপোনাৰ মাজু ছোৱালীজনীক এঘৰলৈ উলিয়াই দিব লাগে৷ ছোৱালীজনীৰ মাকৰ লগতে আপোনাৰো তাকে লৈ দুশ্চিন্তা আৰু উদ্বিগ্নতাৰ অন্ত নাই৷ প্ৰতিবেশী ৰাজবংশীক আকৌ এজনী ‘ভাল’ বোৱাৰী লাগে৷ কিন্ত মনে বিচৰা পাত্ৰ বা পাত্ৰী এজনী বিচাৰি উলিওৱাটো জানো ইমান সহজ কথা? মাথো ভূক্তভোগীয়েহে বুজিব পাৰে এই যন্ত্ৰণা৷

তেনেহ’লে এই মুলুকত দৰা বা কইনাৰ অভাৱ হৈছে নেকি? নাই হোৱা৷ কণাৰ বাবে কাণী আৰু কৃষ্ণৰ বাবে ৰুক্মিণীৰ এইখন দেশত অভাৱ নাই৷ কিন্তু আপুনি খালি চকুৰে দেখা নাপায়৷ আপোনাৰ ভাবীজোঁৱাই বা ভাবীবোৱাৰীৰ পৰিয়ালেও আপোনাৰ একেবাৰে ওচৰতে বা বহু আঁতৰত একে সমস্যাত হাবুডুবু খাইছে৷ সমস্যাটো মাথোঁ সংযোগহীনতাৰ৷ পানী বিচাৰি সাগৰত হাহাকাৰ কৰাৰ লেখীয়া৷

ই নতুনকৈ উদ্ভৱ হোৱা সমস্যা নহয়- কিন্ত দিন যোৱাৰ লগে লগে এই সমস্যাটো তীব্ৰ হৈ উঠিছে৷ যন্ত্ৰ যুগৰ ব্যস্ততা বঢ়াৰ লগে লগে, ক্ষুদ্ৰ পৰিয়াল আৰn ব্যক্তিকেন্দ্ৰিক জীৱন যাত্ৰাত সমাজৰ স’তে সম্পৰ্ৰ্ক ক্ষীণ হৈ অহাৰ লগে লগে এই সমস্যাবোৰ বাঢ়ি আহিছে৷ এতিয়া আৰু বন্ধু-বান্ধৱ, সম্বন্ধীয় বা সহোদৰৰ সময় নাই আপোনাক পাত্ৰ- পাত্ৰী বিচৰাত সহায় কৰিবলৈ৷ আটায়ে নিৰুপায়৷

এই সমস্যাৰ সমাধান লৈ আশাৰ ৰেঙণি হৈ আপোনালোকৰ ওচৰলৈ আহিছে ‘দৰা- কইনা ডট কম’ নামৰ প্ৰতিষ্ঠানটোৱে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে বিবাহযোগ্য সকলো পূৰুষ-মহিলাই ইয়াত তিনিখন ফটো আৰু পঞ্চাশটা বিবৰণীৰে নামভৰ্তি কৰিব পাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ৷ ই হ’ল এটা উমৈহতীয়া মঞ্চ- য’ত অংশগ্ৰহণ কৰি ইজনে সিজনৰ সমস্যা সমাধান কৰিব পাৰিব৷ আপুনি যদি ইয়াতকৈ বেছি সেৱা আশা কৰে- তেতিয়া আপুনি মাচুল এটা আদায় দি বিনামূলীয়া সদস্যৰ সলনি বিশেষ সদস্য পদ গ্ৰহণ কৰি আমাৰ প্ৰতিনিধিৰ পৰা বিশেষ সেৱাও লাভ কৰিব পাৰে৷ বৰ্তমাৰ যুগৰ কম্পিউটাৰ প্ৰযুক্তি, ইণ্টাৰনেট আদিয়ে ইয়াত ঘটকৰ ভূমিকা ল’ব আৰু পাত্ৰ-পাত্ৰী বিচৰা কাৰ্যটো সহজ কৰি তুলিব৷ দৰা-কইনা ডট কম ৰ এডভাইচৰ আৰু বিষয়ববীয়াই আপোনাক মানৱীয় দৃষ্টিভঙ্গীৰে সকলো ধৰণৰ পৰামৰ্শ, সহায়-সহোযোগিতা আগবঢ়াব৷ আপুনি পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ হেল্পলাইন নম্বৰত কোনো সংকোচ নকৰাকৈ ফোন কৰিব পাৰে৷

আমাৰ সমাজত পাত্ৰ-পাত্ৰীৰ সন্ধানৰ স’তে জড়িত হৈ থাকে জাতি-ধৰ্ম, গোত্ৰ, সোঁৱৰণী মিলোৱা, শিক্ষা, উপাৰ্জন, বংশগতি, সামাজিক স্থিতি বা মৰ্যাদা, বয়ষ, বাসস্থান, শৰীৰৰ উচ্ছতা-গঢ় আৰু বৰণ ইত্যাদি বহু কাৰক৷ ইমানখিনি মিলাবলৈ গৈ আপুনি বিমোৰত পৰে, বছৰ বছৰ পাৰ কৰে, প্ৰাৰ্থী বিচাৰি পাবলৈও কঠিন হয়৷ আমি কিন্ত আপোনাক এনে ধৰণৰ এশ পাত্ৰ-পাত্ৰীৰ নিমিষতে সন্ধান দিব পাৰোঁ আৰু দিব পাৰোঁ তেওঁলোকৰ ঠিকনা, মোবাইল নম্বৰ৷ প্ৰাথীৰ তথ্য, একাধিক ফটো, হৰোস্কপ, তেজৰ গ্ৰুপ, হবি, উপাৰ্জন, চাকৰিৰ ধৰণ, বয়স আদি এশ এটা প্ৰশ্নৰ উত্তৰ আপুনি মুহূৰ্ততে পাব পাৰে- যিখিনি তথ্য গোটাবলৈ আপোনাক ছমাহ সময় আৰু এজন পটু ঘটকৰ প্ৰয়োজন হ’লহেঁতেন৷ আপোনাৰ ঘৰত যদি কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ ব্যৱস্থা আছে, নাইবা অন্ততঃ এটা স্মাৰ্টফোন আছে, আজৰিৰ সময়ত বা নিশাৰ ভাগতো পাত্ৰ-পাত্ৰীৰ সন্ধান আপুনি নিজে কৰিব পাৰিব৷ যদি নাই- অসমৰ প্ৰতিখন জিলাৰ বিভিন্ন প্ৰান্তৰ আমাৰ প্ৰতিনিধি ৰৈ আছে আপোনাক সহায় কৰিবলৈ৷

আমি আৰু বহু সুবিধা আগবঢ়াওঁ৷ আমাৰ ৱেবচাইটৰ Wedding Directory শিতানত আপুনি পাব আপোনাৰ সমীপৰ নগৰ-চহৰত অৱস্থিত বিবাহৰ স’তে সম্পৰ্কিত বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ নাম-ঠিকনা-ফোন নম্বৰ আৰু বিতং বিৱৰণ৷ গহনালয়, ছপাশাল, ফাৰ্ণিচাৰ, পু্‌ৰোহিতৰ পৰা ফুলৰ দোকানলৈ- আটাইকে আমি সামৰিছোঁ৷ এবাৰ খুলি চাওঁক আমাৰ ৱেবচাইট- www.dorakoina.com

আপুনি ‘দৰা-কইনা ডট কম’ ৰ প্ৰতিনিধি হৈ এটা মহৎ উদ্দেশ্যৰ স’তে নিজকে জড়িত কৰি আত্মসংস্থানৰ বাট মোকোলাবলৈ আগ্ৰহি নেকি? বিবাহিত মহিলা, ইণ্টাৰনেট কেফে, উদ্যমী পুৰুষ আদিক অগ্ৰাধিকাৰ দিয়া হ’ব৷ ফোন কৰক [৭০০২৪-২৪৯২৭] বা আপোনাৰ বিতং তথ্য জনাওঁক এই ই-মেইলৰ ঠিকনাত: [email protected]

প্লেষ্টোৰলৈ গৈ আমাৰ এপটো ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক - https://play.google.com/store/apps/details?id=com.doraKoina.matrimony&hl=en-US&ah=yAZirL4kd1pIW7i8XaB1Jjt3cC4

Assam's No.1 Matrimonial Website

Address

Silpukhuri
Guwahati
781003

Alerts

Be the first to know and let us send you an email when DoraKoina posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DoraKoina:

Share