23/08/2026
মাত্ৰ এটা মোবাইলৰ বাবে শেষ হ’ল এটা পৰিয়াল ! 💔
সেই মুহূৰ্তত মাতৃগৰাকীৰ মনত কি ধুমুহা চলিছিল এবাৰ ভাবক। পুত্ৰজন বিপদজনকভাৱে থিয় হৈ আছিল, আৰু মাতৃগৰাকীয়ে কান্দি কান্দি বাৰে বাৰে অনুৰোধ কৰিছিল—“বাবা, এনেকুৱা নকৰিবা, উভতি আহা…”
পুত্ৰক ৰখাবলৈ মাতৃগৰাকীয়ে নিজেও আগবাঢ়ি যাবলৈ চেষ্টা কৰিছিল যদিও উপস্থিত লোকসকলে তেওঁক বাধা দিয়ে। কিন্তু সকলো অনুৰোধ বিফল কৰি পুত্ৰজনে জঁ*পিয়া*ই দিয়ে, আৰু তাৰ পিছতেই মাতৃগৰাকীয়েও পুত্ৰৰ পিছে পিছে জঁ*পিয়া*ই দিয়ে।
আৰু ঘটনাটোৰ আন এক হৃদয়বিদাৰক দিশ—মাত্ৰ এটা মোবাইল ফোনক কেন্দ্ৰ কৰি সংঘাতৰ সূচনা হৈছিল বুলি দাবী কৰা হৈছে। পৰিস্থিতিৰ পৰিণতিত পুত্ৰজনে নিজৰ জীৱন হেৰুৱাৰ লগতে পিতৃ-মাতৃৰ জীৱনো কাঢ়ি লোৱা বুলি জানিব পৰা গৈছে।
এটা ফোনৰ বাবে এটা পৰিয়ালৰ তিনিটা জীৱন এনেদৰে শেষ হৈ যোৱাটো সঁচাকৈয়ে হৃদয়বিদাৰক।
সন্তানৰ জেদ, আৱেগ আৰু মানসিক চাপক কেতিয়াও সৰু বুলি নাভাবিব। সন্তানৰ সৈতে কথা পাতক, তেওঁলোকৰ কথা শুনক, আৰু কঠিন সময়ত কাষত থিয় দিয়ক।