মহাশ্মশান সুৰক্ষা সমিতি : বিলাসীপাৰা

  • Home
  • India
  • Bilasipara
  • মহাশ্মশান সুৰক্ষা সমিতি : বিলাসীপাৰা

মহাশ্মশান সুৰক্ষা সমিতি : বিলাসীপাৰা "সেউজ শ্মশান" "স্বচ্ছ শ্মশান"
"আমাৰ পবি? উপদেষ্টা: শ্ৰীযুত অভিজিত সৰকাৰ
সভাপতি: শ্ৰীযুত হৰিপদ সিংহ
সম্পাদক: শ্ৰী ৰূপক সাহা
কোষাধ্যক্ষ: শ্ৰী গৌতম সৰকাৰ

16/02/2026

আজি ১৫-০২-২০২৬ তাৰিখে মহাশিৱৰাত্ৰি উপলক্ষে বিলাসীপাৰা মহাশ্মশান মন্দিৰ প্ৰাঙ্গণত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

16/02/2026

আজি ইং ১৫-০২-২০২৬ তাৰিখ ৰবিবাৰে বিলাসীপাৰা মহাশ্মশানৰ সাধক/সাধু বাবা শ্ৰদ্ধাৰ শ্ৰী নন্দলাল বাবাজী দেৱে তেখেতৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সদাশয় ৰাইজৰ দান-বৰঙনিৰে নৱনিৰ্মিত মহাশ্মশান কালী মন্দিৰ চৌহদৰ চাৰিসীমাৰ দেৱাল সমন্বিতে মূল প্ৰবেশদ্বাৰটো মুকলি কৰি মন্দিৰ চৌহদটোৰ শুভ উদ্বোধন কৰে।

22/02/2025
শাৰদীয়াৰ আৰাধনাতমহাশ্মশান সুৰক্ষা সমিতিমহাশ্মশান মন্দিৰ প্ৰাঙ্গণকৃষ্ণনগৰ  ||  বিলাসীপাৰা
03/10/2023

শাৰদীয়াৰ আৰাধনাত
মহাশ্মশান সুৰক্ষা সমিতি

মহাশ্মশান মন্দিৰ প্ৰাঙ্গণ
কৃষ্ণনগৰ || বিলাসীপাৰা

01/10/2023

VIP/Non-VIPৰ ভেদা-ভেদৰ পৰিকল্পনা বন্ধ কৰক। পৰিণাম সুখদায়ক নহ'ব।

VIP/Non-VIPৰ পৰিচয় কেবলমাত্ৰ আমি পৰিধান কৰা পোছাকতহে। কিন্তু ইয়াত অহাৰ পিছত সেই পোছাকযোৰ একেবাৰেই মূল্যহীন আৰু অপ্ৰয়োজনীয়।

গতিকে ভেদা-ভেদৰ যি খেলখন ৰচনা কৰিছে, তাক ৰাজহুৱা অনুষ্ঠানত আৰম্ভ নকৰিব। আৰম্ভ কৰিলে কিন্তু চূড়ান্ত পৰ্যায় নপোৱালৈকে খেলখনৰ পৰা সহজতে সাৰি যাব নোৱাৰিব।

Just mind it! 👉🏻

ঔঁ নমঃ শিৱায় 🔱আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনা বিলাসীপাৰা মহাশ্মশান চৌহদৰ পবিত্ৰ ভূমিত শ্ৰদ্ধাৰ সাধু বাবা শ্ৰ...
26/07/2021

ঔঁ নমঃ শিৱায় 🔱

আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয়টো সোমবাৰৰ দিনা বিলাসীপাৰা মহাশ্মশান চৌহদৰ পবিত্ৰ ভূমিত শ্ৰদ্ধাৰ সাধু বাবা শ্ৰী নন্দলাল বাবাজী, মহাশ্মশান পৰিচালনা সমিতিৰ সম্পাদক শ্ৰীযুত সুৰদাস ভৌমিক, মহাশ্মশান সুৰক্ষা সমিতিৰ সম্পাদক শ্ৰীযুত ৰূপক সাহা, সমিতিৰ আন আন সদস্য, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত এটি স্থায়ী দুৰ্গা মন্দিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰা হয়।

বাবা ভোলানাথ ও দেৱী দুৰ্গাৰ কৃপাত আৰু ৰাইজৰ সহায়-সহযোগিতাৰ লগতে যথাসাধ্য অনুদানেৰে শীঘ্ৰেই মন্দিৰৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰি উক্ত মন্দিৰত দেবীৰ পূজা-প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি আমি আশাবাদী।

15/07/2021

আজি মহাশ্মশান মন্দিৰ প্ৰাঙ্গনত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী নন্দলাল বাবাজীৰ ১০১তম জন্মদিৱস পালন কৰাৰ এটি মূহুৰ্ত।

বাবাজী আপুনি কুশল-মঙ্গলে থাকক তাৰেই কামনাৰে আপোনাক ১০১তম জন্মদিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

বিলাসীপাৰা মহাশ্মশানৰ সাধু বাবা শ্ৰদ্ধাৰ শ্ৰী নন্দলাল বাবাজীক ১০১তম জন্মদিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।...
15/07/2021

বিলাসীপাৰা মহাশ্মশানৰ সাধু বাবা শ্ৰদ্ধাৰ শ্ৰী নন্দলাল বাবাজীক ১০১তম জন্মদিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ।

আপুনি এনেকৈয়ে সুস্থ-সৱল আৰু একাগ্ৰতাৰে সকলোৰে মাজত জীয়াই থাকক ভগবানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰিছোঁ।

13/05/2021

ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিলাসীপাৰা মহাশ্মশানত প্ৰবেশৰ ক্ষেত্ৰত আজিৰ (13/05/2021) পৰা অনিৰ্দিষ্টকাললৈকে মানিবলগীয়া নিয়মাৱলীসমূহ :-

👉🏻 মৃতদেহ সৎকাৰৰ বাবে লগত ১০ জনতকৈ বেছি লোক আহিব নোৱাৰিব।

👉🏻 শ্মশান চৌহদৰ ভিতৰত সদায় মাস্ক পৰিধান কৰি থকাটো বাধ্যতামূলক।

👉🏻 মৃতদেহৰ লগত লৈ অহা কাপৰ-চোপৰ, বাহ আদি সকলো বস্তু জুইত জ্বলাই দিব লাগিব।

👉🏻 মৃতদেহৰ সৎকাৰ শেষ হোৱাৰ পিছত মৃতদেহ জ্বলোৱা ঠাইখিনি পানীৰে ধুই পৰিস্কাৰ কৰি থৈ যা'ব লাগিব।

👉🏻 মহাশ্মশান চৌহদত অৱস্থিত মা কালী আৰু শিৱ মন্দিৰত অহা ১৫ দিন লৈকে মন্দিৰৰ পূজা-অৰ্চনাৰ দায়িত্বত থকা ব্যক্তি অথবা দুই-এজন কমিটিৰ লোকৰ বাহিৰে দৰ্শণাৰ্থী বা ভক্তৰ প্ৰবেশ নিষিদ্ধ থাকিব।
_
নিৰ্দেশক্ৰমে-
মহাশ্মশান সুৰক্ষা সমিতি
বিলাসীপাৰা

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা একান্তভাবে কামনা কৰা হ'ল।
05/03/2021

সমূহ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা একান্তভাবে কামনা কৰা হ'ল।

22/11/2020

𝗦𝗵𝗮𝗿𝗮𝗱 𝗦𝗮𝗻𝗺𝗮𝗻 𝟮𝟬𝟮𝟬
Org. by- Mahasmashan Suraksha Samit
On the Dewali Evening (14th November, 2020)

Performed by- Mayuri Biswas and her team namely Richika Das, Aradhya Saha & Ria Mahato

Address

Krishnanagar
Bilasipara
783348

Website

Alerts

Be the first to know and let us send you an email when মহাশ্মশান সুৰক্ষা সমিতি : বিলাসীপাৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share