Enajori Barpeta

Enajori Barpeta Enajori Barpeta is a Team of people who have been in a bond of friendship since childhood. Enajori Barpeta is a unit of Barpeta Enajori Society.

দৌল আহিল। আপুনিও আহিব ।২ মাৰ্চৰ পৰা ৫ দিনীয়াকৈ ।
12/01/2026

দৌল আহিল। আপুনিও আহিব ।

২ মাৰ্চৰ পৰা ৫ দিনীয়াকৈ ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডা° যুতিকা ওজালৈ ডা° চম্পক পাঠকৰ ...
16/12/2025

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডা° যুতিকা ওজালৈ ডা° চম্পক পাঠকৰ যোগেদি এনাজৰী বৰপেটাৰ দ্বাৰা প্ৰকাশিত দৌল বিষয়ক পুস্তিকা প্ৰদান কৰা হয়।

নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা মহোদয়ক তেখেতৰ কাৰ্যালয়ত এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্...
10/11/2025

নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা মহোদয়ক তেখেতৰ কাৰ্যালয়ত এনাজৰী বৰপেটাৰ দৌল বিষয়ক পুস্তিকা প্ৰদানৰ মুহূৰ্ত্ত।

স্বপ্নদ্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ প্ৰতি  শ্ৰদ্ধা নিবেদি তেখেতৰ পৰিয়ালবৰ্গলৈ এনাজৰী বৰপেটাৰ তৰফৰপৰা এখনি শোকপত্ৰৰে সমবেদ...
27/09/2025

স্বপ্নদ্ৰষ্টা শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদি তেখেতৰ পৰিয়ালবৰ্গলৈ এনাজৰী বৰপেটাৰ তৰফৰপৰা এখনি শোকপত্ৰৰে সমবেদনা জ্ঞাপন কৰে এনাজৰী বৰপেটাৰ সদস্য ৰাজকুমাৰ দাসে।

লগতে এনাজৰীৰ দৌল বিষয়ক পুস্তিকাৰে শিল্পীজনাক শ্ৰদ্ধাঞ্জলি যচা হয়।

|| বিদায় জুবিন ||
19/09/2025

|| বিদায় জুবিন ||

 #এনাজৰীসংবাদ এনাজৰী বৰপেটাৰ দ্বাৰা আয়োজিত অনুষ্ঠানৰ খবৰ।দৈনিক অসম, অসমীয়া প্ৰতিদিন ( বঙাইগাঁও সংস্কৰণ) আৰু আমাৰ প্ৰণা...
16/09/2025

#এনাজৰীসংবাদ

এনাজৰী বৰপেটাৰ দ্বাৰা আয়োজিত অনুষ্ঠানৰ খবৰ।

দৈনিক অসম, অসমীয়া প্ৰতিদিন ( বঙাইগাঁও সংস্কৰণ) আৰু আমাৰ প্ৰণাম কাকতত ১৬ ছেপ্টেম্বৰত প্ৰকাশিত বাতৰি।

|| আই আই বি এম  আৰু এনাজৰী বৰপেটাৰ উদ্যোগত বৰপেটাত 'বিত্তীয় সাক্ষৰতা' শীৰ্ষক কৰ্মশালা ||ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা পৰ...
15/09/2025

|| আই আই বি এম আৰু এনাজৰী বৰপেটাৰ উদ্যোগত বৰপেটাত 'বিত্তীয় সাক্ষৰতা' শীৰ্ষক কৰ্মশালা ||

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা পৰিচালিত ভাৰতীয় বেংক প্ৰবন্ধন প্ৰতিষ্ঠান ( Indian Institute of Bank Management)ৰ উদ্যোগত এনাজৰী বৰপেটাৰ সহযোগত ১৫ ছেপ্টেম্বৰত বৰপেটা চহৰৰ দুখনকৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান, ক্ৰমে বৰপেটা আইন মহাবিদ্যালয় আৰু বৰপেটা বি টি কলেজত 'বিত্তীয় সাক্ষৰত' শীৰ্ষক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ভাৰতীয় বেংক প্ৰতিষ্ঠানৰ তিনিগৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত প্ৰথমখন সভা অনুষ্ঠিত হয় বৰপেটা আইন মহাবিদ্যালয়খনত। সভাখনৰ আৰম্ভণিতে অধ্যক্ষ ড° পি চি দাসে সমল ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে বিষয়টোৰ গুৰুত্বৰ‌ বিষয়ে চমুকৈ বৰ্ণনা কৰে। বৰপেটা বি টি কলেজত আয়োজিত দ্বিতীয়খন সভাতো অধ্যক্ষ হাচমৎ আলীয়ে তেখেতৰ বক্তব্যত আই আই বি এম আৰু স্থানীয় সংগঠন এনাজৰী বৰপেটাৰ শলাগ লয়।

দুয়োখন সভাতেই মূলতঃ শিক্ষাৰ্থীসকলক উদ্দেশ্যি আই আই বি এম ৰ গ্ৰন্থাগাৰিক ড° ৰূপালী শৰ্মাই ডিজিটেল বিত্তীয় লেনদেনৰ ক্ষেত্ৰত হ'ব পৰা বিভিন্ন জালিয়াতি আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায়সমূহৰ বিষয়ে বিতংকৈ ব্যাখ্যা কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে কৰা মত বিনিময়ত এইক্ষেত্ৰত শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ কথা আলোচনা কৰে। এনাজৰী বৰপেটাৰ সদস্য নিৰ্মল ৰঞ্জন মজুমদাৰে আঁত ধৰা দুয়োখন সভাতেই শিক্ষানুষ্ঠান দুখনৰ শিক্ষক, শিক্ষাৰ্থী আৰু এনাজৰী বৰপেটাৰ কেইবাগৰাকীও কৰ্মকৰ্তাৰ লগতে আই আই বি এম ৰ মামনি চৌধুৰী আৰু মনমি দাস উপস্থিত থাকে।

প্ৰখ্যাত ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটাৰে বিভূষিত শ্ৰীযুত জয়ন্ত মাধৱ বৰা ডাঙৰীয়ালৈ এনাজৰী বৰপেটাৰ দ্বাৰা প্ৰকাশিত পুস...
08/09/2025

প্ৰখ্যাত ঔপন্যাসিক, সাহিত্য অকাডেমি বঁটাৰে বিভূষিত শ্ৰীযুত জয়ন্ত মাধৱ বৰা ডাঙৰীয়ালৈ এনাজৰী বৰপেটাৰ দ্বাৰা প্ৰকাশিত পুস্তিকা প্ৰদানৰ মুহূৰ্ত্ত।

 #এনাজৰীসংবাদএনাজৰী সন্মান, ২০২৫ ৰ বিষয়ে প্ৰকাশিত বাতৰি।দৈনিক অগ্ৰদূত। ১৮ আগষ্ট, ২০২৫।
18/08/2025

#এনাজৰীসংবাদ

এনাজৰী সন্মান, ২০২৫ ৰ বিষয়ে প্ৰকাশিত বাতৰি।

দৈনিক অগ্ৰদূত। ১৮ আগষ্ট, ২০২৫।

 #এনাজৰীসংবাদ 'এনাজৰী সন্মান, ২০২৫' ৰ বাতৰি, আমাৰ প্ৰণাম কাকতত। ১৭ আগষ্ট, ২০২৫।
17/08/2025

#এনাজৰীসংবাদ

'এনাজৰী সন্মান, ২০২৫' ৰ বাতৰি, আমাৰ প্ৰণাম কাকতত।

১৭ আগষ্ট, ২০২৫।

 #এনাজৰীসংবাদএনাজৰী বৰপেটাৰ দ্বাৰা প্ৰদান কৰা 'এনাজৰী সন্মান, ২০২৫' সম্পৰ্কীয় বাতৰি, দৈনিক জনমভূমি কাকতৰ ১৭ আগষ্টৰ সংখ্...
17/08/2025

#এনাজৰীসংবাদ

এনাজৰী বৰপেটাৰ দ্বাৰা প্ৰদান কৰা 'এনাজৰী সন্মান, ২০২৫' সম্পৰ্কীয় বাতৰি, দৈনিক জনমভূমি কাকতৰ ১৭ আগষ্টৰ সংখ্যাত।

|| সত্ৰীয়া সংস্কৃতিৰ সাৰ্থক সাধক হৰিদেৱ পাঠকলৈ 'এনাজৰী সন্মান, ২০২৫ ||১৫ আগষ্ট, বৰপেটা : বৰপেটা নিবাসী বিশিষ্ট সাহিত্যি...
15/08/2025

|| সত্ৰীয়া সংস্কৃতিৰ সাৰ্থক সাধক হৰিদেৱ পাঠকলৈ 'এনাজৰী সন্মান, ২০২৫ ||

১৫ আগষ্ট, বৰপেটা :

বৰপেটা নিবাসী বিশিষ্ট সাহিত্যিক, বিশেষকৈ বৈষ্ণৱী সাহিত্যৰ সাৰ্থক সাধক হৰিদেৱ পাঠকক এনাজৰী, বৰপেটাৰ ফালৰপৰা সম্বৰ্দ্ধনা জনোৱাৰ লগতে 'এনাজৰী সন্মান, ২০২৫' প্ৰদান কৰা হয়। ভাৰতৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টৰ দিনা বৰপেটা সাহিত্য সভা ভৱনত লোকসংস্কৃতিৰ সাধক ডিম্বেশ্বৰ মেধিৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাখনত সংগীত নাটক অকাডেমী পুৰস্কাৰ প্ৰাপক গুণীন্দ্ৰ নাথ ওজা আৰু স্বনামধন্য সাহিত্যিক গোবিন্দ তালুকদাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাখনৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়। বৰপেটাৰ এফিমেন সংস্কৃতি (২০১৮), যুগল (২০১৯), মধুৰ মূৰুতি ( ২০২২), নিত্য নিৰঞ্জন ( ২০২৩) আৰু শঙ্কৰদেৱৰ নাটৰ গীত (২০২৪) নামেৰে পাঁচখনকৈ গৱেষণাধৰ্মী কিতাপ ৰচনাৰে সাহিত্যৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হৰিদেৱ পাঠকৰ অনবদ্য অবদানৰ বিষয়ে সভাখনত আলোকপাত কৰে যুৱ শিল্পী কৌশিক দাসে।

এনাজৰী বৰপেটাৰ সদস্য ৰাজকুমাৰ দাসে আঁত ধৰা তথা চিন্ময় দাস, নকুল দাস, অপূৰ্ব তালুকদাৰ, ৰমানন্দ পাঠক, অমিয় কুমাৰ দাসকে আদি কৰি কেইবাগৰাকীও গুণী মানী ব্যক্তিৰ উপস্থিতিত আয়োজিত সভাখনত গুণীন্দ্ৰ নাথ ওজাই পাঠকদেৱৰ পাৰিৱেশ্য কলাৰ বিভিন্ন দিশত আলোকপাত কৰাৰ উপৰিও তেখেতৰ নিৰৱিচ্ছিন্ন সাধনাৰ কথা ব্যক্ত কৰি পাঠকদেৱৰ দৰে শিল্পীয়ে কেতিয়াবাই সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত হোৱাৰ যোগ্য বুলি অভিমত প্ৰকাশ কৰে। আনগৰাকী বিশিষ্ট অতিথি গোৱিন্দ তালুকদাৰে তেখেতৰ নাতিদীৰ্ঘ বক্তৃতাত পাঠকদেৱলৈ তেখেতৰ অতুলনীয় কৰ্মৰাজীৰ বাবে অসমৰ কোনো এখন বিশ্ববিদ্যালয়ে 'সন্মানীয় ডক্টৰেট ডিগ্ৰী' প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি মত পোষণ কৰে। সমজুৱাৰ হৈ লোকশিল্পী নকুল দাসে পাঠকদেৱৰ সাংস্কৃতিক অৱদানৰ কথা ব্যাখ্যা কৰাৰ লগতে এনাজৰী বৰপেটাই তেখেতক সন্মান যচাৰ বাবে লোৱা উদ্যোগৰ শলাগ লয়। ইয়াৰ পূৰ্বে হৰিদেৱ পাঠকৰ পুত্ৰ ডাঃ হৰ্ষজিৎ পাঠকে পিতাকৰ কৰ্মৰাজী আৰু জীৱন চৰ্যাৰ বিষয়ে ব্যক্ত কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি পাঠকদেৱে‌ তেখেতৰ কৰ্মজীৱনৰ কিছু কথা ব্যাখ্যা কৰাৰ লগতে এনে সন্মানে তেখেতক কৰ্মপ্ৰেৰণা জগাব বুলি মত ব্যক্ত কৰে। উল্লেখ্য যে 'এনাজৰী সন্মান, ২০২৫' ৰ হিচাপে পাঠকদেৱক এটি স্মাৰক, এখনি প্ৰশস্তি-পত্ৰ, এখনি চেলেং চাদৰ, গামোচা, কিতাপ আৰু এখনি কাপোৰৰ জোলোঙা আগবঢ়োৱা হয়। বঁটা প্ৰদান পৰ্বৰ পূৰ্বে এনাজৰী বৰপেটাৰ আন এগৰাকী সদস্য দীপাংকৰ দাসে 'এনাজৰী বৰপেটা আৰু 'এনাজৰী সন্মান'ৰ বিষয়ে চমুকৈ বৰ্ণনা কৰে। সভাখনত কৃষাংগী দাস, ভিৱশেষৰ দাস, পাৰ্থিৱ দাসে আৰু জীয়ান পাঠকে ক্ৰমে গীতা শ্লোক পাঠ, খোলবাদন আৰু গীত পৰিৱেশন কৰি অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। দিপাংকৰ দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত সভাখনৰ সামৰণিত উপস্থিত সুধীবৃন্দই জাতীয় সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে বৰপেটাৰ এক সামাজিক অনুষ্ঠান এনাজৰী, বৰপেটাই বিগত বৰ্ষসমূহতো স্বাধীনতা দিৱসৰ বিশেষ দিনটোতেই বিশিষ্ট ব্যক্তি ক্ৰমে লোকসংগীতৰ সাধক গোকুল পাঠক, শংকৰী সংস্কৃতিৰ সাধক, শিক্ষক বীৰেন্দ্ৰ নাথ পাঠক, গীতিকাৰ, শিল্পী সুশীল দাস, বিশিষ্ট ক্ৰীড়াবিদ - সংগঠক লাৱণ্য ৰায়চৌধুৰী, লোকগীতৰ শিল্পী দুগ্ধনাথ হাজৰিকা আৰু সাহিত্যিক জ্ঞানৰঞ্জন দাসক এই সন্মানেৰে বিভূষিত কৰিছিল।

Address

Barpeta
781301

Alerts

Be the first to know and let us send you an email when Enajori Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share