05/06/2022
১বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি?
উত্তৰঃ বৰ্তমান প্ৰচলিত শিক্ষা কামৰ শিক্ষা নহয়, এয়ে ইয়াৰ ঘাই দোষ। বৰ্তমান সময়ৰ শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই বুলি কব পাৰি। উদাহৰণস্বৰূপে – বৰ্তমান সময়ৰ শিক্ষাৰ্থীয়ে পাঠ্যপুথি পঢ়ি `দুখীয়াক মৰম কৰিব’, `দুখীয়াক সহায় কৰিব’ আদিৰ দৰে বহুতো বাক্য আজিৰ দিনৰ শিক্ষাৰ্থীয়ে আতৰাই থয়। বাস্তৱ জীৱনত কিন্তু ইয়াৰ অৰ্থ কি সেইয়া শিক্ষাৰ্থীয়ে উপলব্ধি কৰিবলৈ সক্ষম নহয়। কিয়নো আজিৰ দিনত শিক্ষকসকলেও শিক্ষাৰ্থীসকলক এনে ধৰণৰ বাক্যবোৰৰ অন্তৰ্নিহিত থকা প্ৰকৃত অৰ্থবোৰ বুজাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকে শিক্ষাৰ্থীৰ বানানসমূহৰ গুৰুত্ব দিয়ে। শিক্ষকসকলে কত আ- কাৰ, ই- কাৰ, উ- কাৰ আদি শুদ্ধ কৰিছেনে ভূল কৰিছে সেইবোৰ চাই নিজৰ পাঠদানৰ কৰ্তব্য সামৰণি মাৰে। শিক্ষকসকলে কেতিয়াও এইটো গুৰুত্ব নিদিয়ে যে শিক্ষাৰ্থীসকলে পাঠটো পঢ়ি শুনি কিবা জ্ঞান লাভ কৰিছে নাই সেইতো গুৰুত্ব নিদিয়ে।শিক্ষকে কেৱল বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে নাই বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উৰ্ত্তীন হব পাৰিছেনে নাই সেইতো গুৰুত্ব দিয়ে। এইবোৰ হৈছে বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ।
মমিন আলী