07/03/2026
ইৰাণ-ইজৰাইলৰ চলিত যুদ্ধই সমগ্ৰ বিশ্বৰ প্ৰতিৰক্ষা কৌশল সলনি কৰি দিছে। এই যুদ্ধত ইজৰাইলে প্ৰথমবাৰৰ বাবে ইৰাণৰ বিৰুদ্ধে ‘আইৰন বীম’ (Iron Beam) ব্যৱহাৰ কৰাৰ চৰ্চা চলি থকাৰ মাজতে ভাৰতেও নিজৰ আকাশসীমা সুৰক্ষিত কৰিবলৈ এক বিশাল পৰিকল্পনা হাতত লৈছে। ২০৩৫ চনৰ ভিতৰত ভাৰতে গঢ়ি তুলিব এক ইণ্টিগ্ৰেটেড এয়াৰ ডিফেন্স চিষ্টেম, যাৰ নাম দিয়া হৈছে ‘সুদৰ্শন চক্ৰ’।
ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাটো বৰ্তমানৰ দামী ইণ্টাৰচেপ্টৰ মিছাইলতকৈ বহু পৰিমাণে কম খৰচী হ’ব। ই মূলতঃ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI) আৰু ইজৰাইলৰ আইৰন ডোম প্ৰযুক্তিৰ ওপৰত আধাৰিত হ’ব। ই শত্ৰুপক্ষৰ যিকোনো মিছাইল বা ড্ৰোণক আকাশতে বিচাৰি উলিয়াই মুহূৰ্তৰ ভিতৰতে ধ্বংস কৰিবলৈ সক্ষম হ’ব।
ইজৰাইলৰ ‘আইৰন বীম’ হৈছে এক লেজাৰ ভিত্তিক প্ৰতিৰক্ষা ব্যৱস্থা। য’ত কোনো মিছাইল নিক্ষেপ নকৰাকৈ কেৱল শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি শত্ৰুৰ মিছাইল ধ্বংস কৰা হয়। ইয়াৰ ফলত প্ৰতিটো শ্বটত খৰচ একেবাৰে নগণ্য হয়। ভাৰতৰ ‘সুদৰ্শন চক্ৰ’ই ঠিক একেই ধৰণৰ লেজাৰ আৰু এআই প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ আকাশক অভেদ্য কৰি তুলিব।
ভাৰতৰ গোপন অস্ত্ৰ: ‘প্ৰজেক্ট কালী’ (Project KALI)
ভাৰতৰ প্ৰতিৰক্ষা ভাণ্ডাৰত এনে এক গোপন অস্ত্ৰ আছে যাৰ নাম শুনিলেই শত্ৰুৰ হোঁচ হেৰায়। সেয়া হৈছে ‘প্ৰজেক্ট কালী’ (KALI - Kilo Ampere Linear Injector)।
কাৰ্যক্ষমতা: ই মিছাইল বা গোল বাৰুদৰ পৰিৱৰ্তে শক্তিশালী ইলেক্ট্ৰ’ মেগনেটিক ৰেডিয়েচন ব্যৱহাৰ কৰে।
ধ্বংস কৰাৰ পদ্ধতি: আকাশত উৰি থকা শত্ৰুৰ মিছাইল বা বিমানৰ ইলেকট্ৰনিক চিপসমূহক এই ৰশ্মিয়ে মুহূৰ্ততে জ্বলাই দিয়ে, যাৰ ফলত শত্ৰুৰ অস্ত্ৰটোৱে দিশহাৰা হৈ মাজ আকাশতে ধ্বংস হৈ পৰে।
বিশেষত্ব: যিহেতু ইয়াত কোনো বিস্ফোৰণ নহয়, কেৱল শক্তিৰ তৰংগ ব্যৱহাৰ কৰা হয়, সেয়েহে ইয়াক ধৰা পেলোৱাটো শত্ৰুৰ বাবে অসম্ভৱ।
২০৩৫ চনৰ ভিতৰত সুদৰ্শন চক্ৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে ভাৰতে পাকিস্তান আৰু চীনৰ দৰে চুবুৰীয়া দেশৰ মিছাইল ভাবুকিক অতি সহজেই প্ৰতিহত কৰিব পাৰিব। ভাৰত এতিয়া কেৱল আমদানিকৃত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল নহৈ ‘প্ৰজেক্ট কালী’ আৰু ‘সুদৰ্শন চক্ৰ’ৰ দৰে স্বদেশী প্ৰযুক্তিৰে বিশ্বৰ সামৰিক শক্তিত নতুন পৰিচয় গঢ়িবলৈ আগবাঢ়িছে।