সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন

  • Home
  • India
  • Tezpur
  • সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন

সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন ২০২৪

সমূহ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰা হ'ল ।
22/04/2026

সমূহ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা একান্ত ভাৱে কামনা কৰা হ'ল ।

হেঁপাহৰ বহাগৰ বিহুলৈ আৰু মাথোঁ এটা মাহ । বিগত বছৰৰ দৰে এইবছৰো বেছেৰীয়া বাসী সাজু হৈছে ৰঙালী বিহুক আদৰিবলৈ । আহক আমি সকলো...
10/03/2026

হেঁপাহৰ বহাগৰ বিহুলৈ আৰু মাথোঁ এটা মাহ । বিগত বছৰৰ দৰে এইবছৰো বেছেৰীয়া বাসী সাজু হৈছে ৰঙালী বিহুক আদৰিবলৈ । আহক আমি সকলো একেলগ হৈ
সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন খনি সুন্দৰকৈ আয়োজন কৰো।
সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন ২০২৬ চনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । বিহুখন আয়োজনৰ বাবে যোৱা ৯ মাৰ্চ সোমবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ।

শ্ৰদ্ধাভাজনেষু,সশ্ৰদ্ধ সম্ভাষণ গ্ৰহণ কৰিব।অহা ১৬ মাৰ্চ ২০২৫ তাৰিখ, দেওবাৰে, বিয়লি ২ বজাত, আগন্তক "সদৌ বেছেৰীয়া ৰঙালী ব...
15/03/2025

শ্ৰদ্ধাভাজনেষু,
সশ্ৰদ্ধ সম্ভাষণ গ্ৰহণ কৰিব।

অহা ১৬ মাৰ্চ ২০২৫ তাৰিখ, দেওবাৰে, বিয়লি ২ বজাত, আগন্তক "সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন" খনি উদযাপন কৰাৰ উদ্দেশ্য আগত ৰাখি আলোচনা তথা সিদ্ধান্ত গ্ৰহণৰ বাবে এখনি ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছে। বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হব লগীয়া উক্ত সভাতেই যোৱাটো বৰ্ষৰ বিহু সন্মিলনৰ হিচাপ দাখিলৰ লগতে পুৰণি কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হব।

সেয়েহে উক্ত সভাত আপোনাৰ/আপোনাসৱৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি আমন্ত্ৰণ জনালোঁ।

আশা কৰিছোঁ আমাৰ এই আমন্ত্ৰণৰ প্ৰতি সহাঁৰি জনাই কৃতাৰ্থ কৰিব।

ইতি

শ্ৰদ্ধাৰে

শ্ৰী যতীন বৰা
সভাপতি

শ্ৰী অভিজিত কলিতা
সম্পাদক

সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন (প্ৰথম বৰ্ষ) ।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে সুন্দৰকৈ অনুষ্ঠিত হ'ল সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন  ২০২৪ । মুকলি সভাখনত এইবাৰ হ...
27/04/2024

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে সুন্দৰকৈ অনুষ্ঠিত হ'ল সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন ২০২৪ ।
মুকলি সভাখনত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বেছেৰীয়া অঞ্চলৰ প্ৰায় ৪০ গৰাকী সতে ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় লগতে নিশা মূল সংস্কৃতিক সন্ধ্যাত বিভিন্ন সংস্কৃতিক অনুষ্ঠানৰ লগতে অসমৰ সুকণ্ঠী গায়িকা প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই ৰাইজলৈ বুলি আগবঢ়োৱা হয় ।
আমি এই চেগতে সমূহ ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আগলৈও এনে ধৰণৰ সহায় সহযোগ কামনা কৰিলোঁ ।

সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন ৰ উদ্যোগত যোৱা ২৫ ,এপ্ৰিল তাৰিখে হৈ যোৱা ভেশচন প্ৰতিযোগিতাৰ ফলাফল সমূহ তলত দিয়া ধৰণৰ । অ...
26/04/2024

সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন ৰ উদ্যোগত যোৱা ২৫ ,এপ্ৰিল তাৰিখে হৈ যোৱা ভেশচন প্ৰতিযোগিতাৰ ফলাফল সমূহ তলত দিয়া ধৰণৰ ।

অহা কালিলৈ ২৭ এপ্ৰিল তাৰিখে বিয়লি ঠিক ৪ বজাৰ লগে লগে অনুষ্ঠিত হবলগীয়া মুকলি সভাত উক্ত পুৰস্কাৰ সমূহ প্ৰদান কৰা হ'ব ।

স্থান - বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণ ।

26/04/2024

আজি হ'বলগীয়া সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাখন বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্থায়ী মুকলি মঞ্চত অনুষ্ঠিত কৰা হব । বতৰ বেয়া বাবে আমি উক্ত অনুষ্ঠানটি ৰাঙলী ডিমৰো খেলপথাৰত অনুষ্ঠিত কৰিব নোৱাৰিলোঁ । তাৰ বাবে সমূহ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ । আৰু মাত্ৰ কিছু সময় পিছতেই মুকলি বিহুখন অনুষ্ঠিত কৰা হব । সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ ।

26/04/2024

সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলনৰ মূল সাংস্কৃতিক সন্ধ্যা খনি অহা কালিলৈ অৰ্থাৎ ২৭ এপ্ৰিল ২০২৪ শনিবাৰে বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা হ'ব । উক্ত অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে অংশ গ্ৰহণ কৰিব সকলোৰে মৰমৰ সুকণ্ঠী গায়িকা -
প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই ।
লগতে বিভিন্ন স্থানীয় সাংস্কৃতিক অনুষ্ঠান , গতিকে সকলো ৰাইজৰ উপস্থিতিৰ লগতে সহায় সহযোগিতা আমি একান্ত ভাৱে কামনা কৰিলোঁ ।

আপোনালোক সকলোলৈকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।আজি ২৫ এপ্ৰিল ২০২৪ তাৰিখে বিহু কমিটিৰ সভাপতি শ্ৰীযুত যতীন বৰা ডাঙ...
25/04/2024

আপোনালোক সকলোলৈকে পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।

আজি ২৫ এপ্ৰিল ২০২৪ তাৰিখে বিহু কমিটিৰ সভাপতি শ্ৰীযুত যতীন বৰা ডাঙৰীয়াই বিহুৰ পতাকা উত্তোলন কৰি সকলোৰে মংগল কামনা কৰি ভগৱন্তৰ ওচৰত সেৱা জনাই আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

আমাৰ বৃহত্তৰ বেছেৰীয়া অঞ্চলৰ প্ৰতিখন গাঁৱৰে ৭৫ বছৰ বয়স অতিক্ৰম কৰা প্ৰতিজন জ্যেষ্ঠলোকক এখনি ফুলাম বিহুৱানেৰে সেৱা জনাই সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ল ।

খেল-ধেমালিৰ উপৰিও বিভিন্ন অনুষ্ঠানৰ মাজেৰে এই সুন্দৰ দিনটো সামৰণি পৰিল।

অহা কালিলৈ সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আয়োজন কৰা হৈছে গতিকে সমূহ ৰাইজক বিয়লি ঠিক ৩ বজাত মুকলি বিহু স্থলীত উপস্থিত হ'বলৈ আহ্বান জনালোঁ ।

স্থান - ৰাঙলী ডিমৰু খেল পথাৰ(এচলিয়া ফিল্ড)

চাওঁতে চাওঁতে সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন  খনি নিচেই কাষ পালেহি । অহা কালিৰ পৰা অনুষ্ঠিত হ'বলগীয়া সকলো কাৰ্যসূচীতেই ...
24/04/2024

চাওঁতে চাওঁতে সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন খনি নিচেই কাষ পালেহি । অহা কালিৰ পৰা অনুষ্ঠিত হ'বলগীয়া সকলো কাৰ্যসূচীতেই আপোলোকৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিলোঁ ।

সমূহ ৰাইজলৈ সদৌ বেছেৰীয়া ৰঙালী বিহু উদযাপন কমিটিৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাছিলোঁ । নতুন বছৰটোৱে সকলোৰে মন প্ৰাণ জ...
13/04/2024

সমূহ ৰাইজলৈ সদৌ বেছেৰীয়া ৰঙালী বিহু উদযাপন কমিটিৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা যাছিলোঁ । নতুন বছৰটোৱে সকলোৰে মন প্ৰাণ জীপাল কৰি তোলক । সকলোৰে মনবোৰ উৎফুল্লিত কৰি ৰাখক , তাৰেই কামনা কৰিছোঁ ।

শ্ৰদ্ধাৰ ৰাইজ ,ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে, এইবাৰ আমাৰ বেছেৰীয়াৰ ১৪ চুবুৰীৰ ৰাইজ একেলগ হৈ বহু বছৰৰ পিছত এখন সদ...
15/03/2024

শ্ৰদ্ধাৰ ৰাইজ ,
ইতিমধ্যে আপোনালোক সকলোৱে অৱগত হৈছে যে, এইবাৰ আমাৰ বেছেৰীয়াৰ ১৪ চুবুৰীৰ ৰাইজ একেলগ হৈ বহু বছৰৰ পিছত এখন সদৌ বেছেৰীয়া ভিত্তিত বিহু সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

সেই পৰিপ্ৰেক্ষিতত যোৱা ১০ মাৰ্চ দেওবাৰে এখন কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰি উপ-সমিতি বোৰ গঠন কৰা হয় ।

আহক আমি সকলোৱে মিলি এইবাৰ বিহুখন উলহ মালহেৰে পালন কৰো আৰু বেছেৰীয়াৰ প্ৰতিখন গাঁৱৰ মাজত থকা মৰম চেনেহ আৰু একতাৰ এনাজৰীদাল আৰু বেছি সুদৃঢ় কৰো ।

Address

BESSERIA
Tezpur
784150

Telephone

+918638037940

Website

Alerts

Be the first to know and let us send you an email when সদৌ বেছেৰীয়া ৰঙালী বিহু সন্মিলন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share